This browser does not support the video element.
বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলীত অঘটন,বিভাগীয় হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী হাতীমাউত, JMCH লৈ প্ৰেৰণ
Bokakhat, Golaghat | Sep 1, 2025
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলীত অঘটন। সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত বিভাগীয় হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী হাতীমাউত। উন্নত চিকিৎসাৰ JMCH লৈ প্ৰেৰণ। আহত বনকৰ্মী হাতীমাউতজনৰ নাম সঞ্জীৱ পেগু। আগৰাতলী বনাঞ্চলত এন্টিপচিং কেম্পৰ সমীপত কৰ্তব্য পালন কৰি থকা সময়তে নিজেই পৰিচালনা কৰা হাতীয়ে আক্ৰমণ কৰে সঞ্জীৱ পেগুক। পেগুক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে JMCH প্ৰেৰণ কৰা হৈছে।