This browser does not support the video element.
গোলাঘাট: গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচাত অগ্নিকাণ্ডৰ ঘটনা,কথমপি প্ৰাণ ৰক্ষা কন্যা শিশুসহ মাতৃৰ
Golaghat, Golaghat | Sep 9, 2025
গোলাঘাটৰ দক্ষিণহেঙেৰা চাহ বাগিচাত মঙলবাৰে মাজনিশা প্ৰায় ১ মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা কন্যা শিশুসহ মাতৃৰ। জানিব পৰা মতে বিজয় গড় নামৰ এজন লোকে সুৰাৰ ৰাগিত মম জ্বলাই জুইশলাৰ জ্বলা টুকুৰাটো দলিয়াই দিয়াৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড ফলত ঘৰখনত থকা বিজয় গড়ৰ পত্নীৰ লগতে এটি কন্যা শিশু কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ঘৰখনৰ সকলো সা সামগ্ৰী জুইত জাহ যায়। শেষত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।