This browser does not support the video element.
কদম: কুছিয়ামাৰীত কৃষি মাণ্ডলিক গবেষণা কেন্দ্ৰৰ তথ্য কেন্দ্ৰ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়
Kadam, Lakhimpur | Sep 11, 2025
এ.এ.ইউ কৃষিশাস্ত্র বি.এছ.চি. ৪র্থ বর্ষ, প্রথম চেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত বৃহস্পতিবাৰে কুচিয়ামাৰী ৰঙ্গমঞ্চত তথ্য কেন্দ্ৰ উদ্বোধন অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটো পুৱাৰ প্ৰায় ১১ বজাত ৰঙ্গমঞ্চ চৌহদত মধুৰী আমৰ পুলিৰ ৰোপণেৰে আৰম্ভ হয়। এই কাৰ্যসূচীত গাঁওবাসী কৃষকসকলৰ সৈতে অতিথি সকলে অংশগ্ৰহণ কৰে। অতিথি সকল ক্ৰমে ডঃ সুন্দৰ বৰ্মন, সহযোগী অধ্যাপক, প্ৰসাৰ শিক্ষা বিভাগ। ডঃ হেমাঙ্গ কুমাৰ কলিতা, বিভাগীয় মুখ্য আৰু অধ্যাপক, প্ৰসাৰ শিক্ষা বিভাগ আদি উপস্থিত থাকে।