This browser does not support the video element.
কদম: বগীনদী আৰু কদম অঞ্চলৰ নামঘৰ সমূহত পবিত্ৰ ভাদ মাহ উপলক্ষে শৰাই আগবঢ়াই সেৱা ললে বিধায়ক মানৱ ডেকাই
Kadam, Lakhimpur | Sep 2, 2025
লখিমপুৰৰ নামঘৰে নামঘৰে বিধায়ক মানৱ ডেকা , পৱিত্ৰ ভাদ মাহৰ উপলক্ষে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো নামঘৰতে এভাগি কৈ শৰাই আগবঢ়াই প্ৰভুৰ শ্ৰীচৰণত ৰাইজৰ কুশল-মংগল কামনাৰে প্ৰাৰ্থনা জনায় বিধায়ক মানৱ ডেকাই।চলি আছে পবিত্ৰ ভাদ মাহ , নাম প্ৰসংগৰে মুখৰিত হৈছে ৰাজ্যৰ নামঘৰ ,সত্ৰ । পৱিত্ৰ ভাদ মাহৰ এই বিশেষ ক্ষণত প্ৰতি বছৰৰ দৰে এই বৰ্ষও লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো নামঘৰতে এভাগি শৰাই আগবঢ়োৱাৰ মানসেৰে মঙ্গলবাৰে বিধায়ক মানৱ ডেকাই শৰাই আগবঢ়াই ।