Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: বৰছলা বজাৰত এঘৰৰ পৰা ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে তদন্তৰ বাবে এজন লোকক আটক আৰক্ষীৰ

Dhekiajuli Part, Sonitpur | Aug 4, 2025
সোমবাৰে নিশা অনুমানিক ৮ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা আৰক্ষী চকী এলেকাৰ বৰছলা বজাৰত এঘৰৰ পৰা ৫০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এগৰাকী লোকক তদন্তৰ বাবে আটক কৰে বৰছলা আৰক্ষীয়ে ৷ উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ নেতৃত্বত বৰছলা আৰক্ষীয়ে বৰছলা বজাৰৰ এঘৰত অভিযান চলাই ৫০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে এগৰাকী লোকক আটক কৰে ৷
Read More News
T & CPrivacy PolicyContact Us