This browser does not support the video element.
গোলাঘাট: মেৰাপানীৰ নাৰায়ণপুৰ নৱগ্ৰামত অভিযান চলাই ২৫০ বস্তা লালি গুৰ জব্দ কৰে গোলাঘাট আবকাৰী বিভাগে
Golaghat, Golaghat | Aug 27, 2025
মেৰাপানীৰ নাৰায়ণপুৰ নৱগ্ৰামত বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত অভিযান চলাই ২৫০ বস্তা লালিগুৰ জব্দ কৰে গোলাঘাট আবকাৰী বিভাগে। গোলাঘাট জিলা প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়। আজি গোলাঘাট জিলা আবকাৰী বিভাগে গোপন সূত্ৰৰ ভিত্তিত নাৰায়ণপুৰ নৱগ্ৰামৰ প্ৰদীপ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ গুদামৰ পৰা অবৈধভাৱে মজুত ৰখা অৱস্থাত উদ্ধাৰ কৰে লালিগুৰখিনি। ইতিমধ্যে বিভাগীয় নীতি-নিয়ম অনুসৰি গুৰখিনি জব্দ কৰি আৰম্ভ কৰিছে যাৱতীয় ব্যৱস্থা।