মহানগৰীৰ নিজৰাপাৰস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ বাসগৃহত শুকুৰবাৰে সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী উদযাপন সন্দৰ্ভত সমৰ হাজৰিকাৰ সৈতে এক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে অহা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অসম চৰকাৰৰ উদ্যোগত বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব।