চতিয়া থানা অন্তৰ্গত উদয়পুৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ। এই ঘটনা অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে। এই ঘটনাৰ খবৰ পাই চতিয়া আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো চতিয়াৰ মিলনপুৰৰ চিদ্দীক শ্বেখ বুলি চিনাক্ত কৰিছে । উল্লেখ্য যে যোৱা ২০ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল যুৱক জন ৷ চতিয়া আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ যদিও পৰবৰ্তীহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।