দেওবাৰে পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা তেজপুৰত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয় । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি তেৰছ গোৱালায় সভাপতিত্ব কৰা এই সভাৰ আঁত ধৰে সাধাৰন সম্পাদক অৰুন কাৱৰে ৷ ৬৬ টা জাতীয় সমাজৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰা এই সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক দিগন্ত ঘটোৱাৰ,বিশিষ্ট সমাজকৰ্মী ভোলা ৰাওঁতিয়া,লেখক সঞ্জয় কুমাৰ তাঁতী কে ধৰি বহু কেইৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।