Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: পাভত উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালৰ বুজ ললে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল দলৰ ৰাজ্যিক সভাপতি আৰু জিলাৰ সভাপতিয়ে

Bihpuria, Lakhimpur | Sep 2, 2025
অচিৰেই চৰকাৰী বুলড'জাৰ চলিব লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত। বনাঞ্চলখনত পূৰ্বে উচ্ছেদ কৰা পৰিয়ালে আশ্ৰয় লোৱা আশ্ৰয় শিবিৰত এইবাৰ চলিব উচ্ছেদ। ১৫ দিনৰ ভিতৰত ঠাই খালি কৰাৰ নিৰ্দেশ দি জাননী জাৰি কৰিছে লখিমপুৰ জিলা বন বিভাগে। হাৰমতী বন সংমণ্ডলৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঞ্চলত তিনি বছৰ পূৰ্বে উচ্ছেদ কৰা হৈছিল বহু লোকক। উচ্ছেদিত লোক সকলে বনাঞ্চলৰ কাষৰীয়া অঞ্চলতে শিবিৰ পাতি বিগত তিনি বছৰে বসবাস কৰি আহিছে। উক্ত শিবিৰ সমূহতে লখিমপুৰ বন সংমণ্ডলে পুনৰ উচ্ছেদৰ জাননী জাৰি কৰিছে।
Read More News
T & CPrivacy PolicyContact Us