This browser does not support the video element.
ওদালগুৰি: ডিমাকুছিত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদ মেলত বিজেপিৰ প্ৰাৰ্থীৰ বিজেপি বৰ্জনৰ লগতে ভোট বৰ্জনৰ হুংকাৰ
Udalguri, Udalguri | Aug 31, 2025
ডি ভোটাৰৰ সমস্যা সমাধানৰ নামত ৰাজ্য চৰকাৰে হিন্দু বঙালী সকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেচন । দেওবাৰে সংগঠনটোই এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক বৰ্জনৰ হুংকাৰ দিয়ে। অসম চৰকাৰে এক অধিসূচনা যোগে হিন্দু বঙালী সকলৰ ডি ভোটাৰৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ এসপ্তাহ নৌহওঁতেই চৰকাৰে পাভলুটি মৰাৰ অভিযোগ সংগঠনটোৰ। একেখন দেশৰ সন্তান হোৱাৰ পাছতো চৰকাৰে হিন্দু বঙালী সকলক মাহী আইৰ দৃষ্টিৰে চোৱাটো দুৰ্ভাগ্য জনক আখ্যা ৷