This browser does not support the video element.
দেৰগাঁও: জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি দেৰগাঁও চাৰিআলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণ
Dergaon, Golaghat | Sep 19, 2025
জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি শুক্ৰবাৰে সন্ধ্যা প্ৰায় ৬ বজাত দেৰগাঁও চাৰিআলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণ। কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁৱতো শোকৰ বন্যা। সন্ধিয়াৰ পূৰ্বেই বন্ধ হৈ পৰিল দেৰগাঁও নগৰৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত দেৰগাঁৱত আছু, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ওলাই আহি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় উপ-সভাপতিৰ অংশগ্ৰহন।