This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: লিম্বু মহাসভাৰ উদ্যোগত গংগাপুৰত উদ্যাপন কৰা স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বাৰ ১১৮ সংখ্যক জন্ম জয়ন্তী
Dhekiajuli Part, Sonitpur | Sep 10, 2025
লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু গংগাপুৰ শাখা সমিতিৰ সহযোগত গংগাপুৰত উদ্যাপন কৰা স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বা দেৱৰ ১১৮ সংখ্যক জন্ম জয়ন্তী সমাৰোহ বুধবাৰে বিয়লি ৫ বজাত সামৰণি পৰে ৷ লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি গেম বাহাদুৰ লিম্বুৱে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ লিম্বুৱে ৷ আজিৰ উক্ত অনুষ্ঠানত লিম্বু মহাসভাৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপুং উপস্থিত থাকে ৷