This browser does not support the video element.
দক্ষিণ চতিয়াৰ ওপৰ গড়পালত নিশা এটা প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু, বন বিভাগৰ তদন্ত আৰম্ভ
Na Duar, Biswanath | Aug 23, 2025
পুৱাৰ ভাগতে চতিয়াত দুখ লগা খবৰ। দক্ষিণ চতিয়াৰ ওপৰ গড়পালত কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ মৃত্যু হৈছে। যোৱা নিশা এটা পাঁচজনীয়া বন্যহস্তীৰ জাক উলাই আহিছিল কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা জনাঞ্চললৈ প্ৰবেশ কৰিছিল। তাৰ পিচতে আজি পুৱা এই দৰে এজন ব্যক্তিৰ বাৰীৰ পিচফালে এটা প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু হোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।ইতিমধ্যে এই প্ৰকাণ্ড হাঁতী কি কাৰনত মৃত্যু হৈছে। সেয়া বন বিভাগৰ লোক ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।