বৃহস্পতিবাৰে দিনৰ অনুমানিক ২ বজাত উৎকল তাঁতী সমাজৰ উদ্যোগত ঢেকীয়াজুলিত উলিয়ালে বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ উল্লেখ্য যে নুৱাখাই আৰু ভেট-ঘাট অনুষ্ঠানৰ লগত সংগতি ৰাখি উৎকল তাঁতী সমাজে আজি ঢেকীয়াজুলিত উলিয়ালে উক্ত সাংস্কৃতিক শোভাযাত্ৰা ৷ আজিৰ উক্ত সাংস্কৃতিক শোভাযাত্ৰাত উৎকল তাঁতী সমাজৰ লোকসকলে নিজৰ জাতীয় সাজপোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে ৷ আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱাগল উক্ত সাংস্কৃতিক শোভাযাত্ৰাত ৷