This browser does not support the video element.
বোকাখাত: বনকৰ্মী দশমী দুৱৰা মৃত্যুৰ তদন্ত বিচাৰি বোকাখাতত উত্তাল প্ৰতিবাদ ৩১ টা ছাত্ৰ সংগঠনৰ,অভিযুক্ত DFO ক গ্ৰেপ্তাৰৰ দাবী
Bokakhat, Golaghat | Aug 23, 2025
বনকৰ্মী দশমী দুৱৰা মৃত্যুৰ তদন্ত বিচাৰি শনিবাৰে দিনৰ প্ৰায় ৩ বজাত বোকাখাতত উত্তাল প্ৰতিবাদ ৩১ টা ছাত্ৰ সংগঠনৰ।অভিযুক্ত DFO ক গ্ৰেপ্তাৰৰ দাবী। বোকাখাতৰ বন বিভাগৰ মুখ্য কাৰ্যলয়ত প্ৰতিবাদী কাৰ্যসূচী হাতত ললে ছাত্ৰ সংগঠন কেইটাই।দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাই জৱাবদিহি কৰিলে প্ৰশাসনৰ লোকক। DFOক সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালে ছাত্ৰ সংগঠন কেইটাই। উল্লেখ্য যে প্ৰতিবাদকাৰীসকলৰ দাবী পূৰণ নহ'লে ২৭ আগষ্টত গোলাঘাট জিলা বন্ধ ঘোষণা কৰাৰ হুংকাৰ।