বিশ্বনাথত বিজেপি জিলাৰ কাৰ্যালয়ত এখন কৰ্মশালাৰ আয়োজন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে "সেৱা পষেক"ৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী পালন কৰা হব। সেয়েহে এই কাৰ্যসূচী সমূহৰ সাফল্যমণ্ডিত কৰাৰ বাবে আজি জিলাৰ কাৰ্যালয়ত এখন কৰ্মশালাৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালৰ লগতে জিলা সভাপতি আদি উপস্থিত থাকে।