This browser does not support the video element.
খুমটাই: বাদুলিপাৰাৰ বুঢ়াগাঁৱত দিন-দুপৰতে নৃশংস কাণ্ড, দম্পতীক চোকা অস্ত্রৰে আক্ৰমণ দুৰ্বৃত্তৰ, এজনৰ মৃত্যু, উপস্থিত আৰক্ষী
Khumtai, Golaghat | May 27, 2025
মঙ্গলবাৰে বাদুলিপাৰাৰ বুঢ়াগাঁৱত দিন-দুপৰতে নৃশংস কাণ্ড। দম্পতীক চোকা অস্ত্রৰে আক্ৰমণ দুৰ্বৃত্তৰ। এজনৰ মৃত্যু। ঘটনাস্থলীত দিনৰ প্ৰায় ১২ বজাত গোলাঘাট আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বাৰীত পাণ পাৰি থকা অৱস্থাত দুৰ্বৃত্তই চোকা আস্ত্ৰৰে আক্ৰমণ কৰে সোণেশ্বৰ গগৈ নামৰ এজন ব্যক্তিক লগতে ঘৰৰ ভিতৰতে পত্নী দেৱী গগৈকো আক্ৰমণ কৰে দুৰ্বৃত্তই। ইফালে দুয়োকে চিকিৎসালয়লৈ অনা হয় যদিও সোণেশ্বৰ গগৈক মৃত ঘোষণা কৰে চিকিৎসকে।