This browser does not support the video element.
ডিফু: খটখটী জৈন মন্দিৰত চুৰি কাণ্ডৰ মূল অভিযুক্তক আটক আৰক্ষীৰ, চুৰি সামগ্ৰী উদ্ধাৰ
Diphu, East Karbi Anglong | Sep 3, 2025
অৱশেষত খটখটী জৈন মন্দিৰত চুৰি কাণ্ডৰ মূল অভিযুক্তক আটক কৰি বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ ধাৰাবাহিক ভাবে তদন্ত অব্যাহত ৰখাৰ পাছত বুধবাৰে পুৱা প্ৰায়, ১০ বজাত মূল অভিযুক্ত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ পৰা খটখটী আৰক্ষীয়ে কৰায়ক্ত কৰিলে চোৰটোক খটখটী জৈন মন্দিৰত ২৯ আগষ্টৰ নিশা কৰিছিলে চুৰি উলেখ্য যে যোৱা ২৯ আগষ্টত খটখটীস্থিত শ্রী দিগম্বৰ জৈন চন্দ্ৰ প্ৰভু নৱগ্ৰহ মন্দিৰত নিশা প্রায় ২.১০ বজাত চুৰি কাণ্ড সংঘটিত হৈছিলে।