Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱৰ বুঢ়াগাঁৱত মৃতকৰ সৎকাৰক লৈ উত্তপ্ত পৰিস্থিতি, ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

Dergaon, Golaghat | Aug 21, 2025
দেৰগাঁৱৰ বুঢ়াগাঁৱত মৃতকৰ সৎকাৰক লৈ উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৬ বজাত ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখ্য,বুধবাৰে নিশা ৰিংকু ফুকনৰ দাৰ ঘাপত প্ৰাণ গৈছিল পত্নী দিপীকা ফুকনৰ। আজি দিপীকা ফুকনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বুঢ়াগাঁৱলৈ অনাৰ পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মৃত দিপীকাৰ পৰিয়ালক মৃতদেহটো সৎকাৰ কৰিবলৈ লাগে স্বামী ৰিংকু ফুকনৰ বাসগৃহৰ চৌহদত।এই কাৰ্যত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
Read More News
T & CPrivacy PolicyContact Us