Download Now Banner

This browser does not support the video element.

নাজিৰা: মিছাজানত ঠিকাদাৰী প্ৰতিষ্ঠানে পানী যোগান আঁ‌চনিৰ পাইপ ভাঙি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পথ বহলিকৰণৰ কাম বন্ধ কৰিলে ৰাইজে।

Nazira, Sivasagar | Sep 12, 2025
যোৱা মে মাহৰ পৰা মিছাজান পানী যোগান আঁ‌চনিৰ অন্তৰ্ভুক্ত পাঁ‌চ খনকৈ গাঁ‌ৱৰ প্ৰায় ৩৫০ টাকৈ পৰিয়াল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে।ঐতিহাসিক খৰিকটিয়া আলিৰ বহলিকৰণৰ কাম চলাই আছে ঠিকাদাৰী প্ৰতিষ্ঠানে।পথৰ কাষেদি পাৰ হৈ যোৱা পানী যোগান আঁ‌চনিৰ পাইপ সমুহ ঠিকাদাৰী প্ৰতিষ্ঠানে ভাঙি পেলোৱাৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে কেইবাখনো গাঁ‌ৱৰ ৰাইজ।ৰাইজে উক্ত সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱাত শুক্ৰবাৰে ৰাইজে কাম বন্ধ কৰাৰ সকিয়নি দিয়ে।
Read More News
T & CPrivacy PolicyContact Us