This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত চিআইটিইউ’ৰ শ্ৰদ্ধাঞ্জলি
Dhekiajuli Part, Sonitpur | Sep 23, 2025
জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি মংগলবাৰে বিয়লি ৫ বজাত ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত চিআইটিইউৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উল্লেখ্য যে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ অনুৰাগি সকলে প্ৰিয় শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি আজি চিআইটিইউ ৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷