Download Now Banner

This browser does not support the video element.

বোকাখাত: নুমলীগড়ত বায়ʼইথানল প্ৰকল্পৰ সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদিপ সিং পুৰীৰ সংবাদমেল

Bokakhat, Golaghat | Sep 13, 2025
নুমলীগড়ত বায়ʼইথানল প্ৰকল্পৰ সন্দৰ্ভত শনিবাৰে বিয়লি প্ৰায় ৬ বজাত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদিপ সিং পুৰীৰ সংবাদমেল। সংবাদমেলত নুমলীগড়ত স্থাপন হোৱা দেশৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ সামগ্ৰীক তথ্য দাঙি ধৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে দেওবাৰে নুমলীগড়ত ভাৰতৰ প্ৰথম বাঁহ জৈৱ ইথানল প্ৰকল্পটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা কৰিব।এই উদ্যোগে অসমৰ ঔদ্যোগিক খণ্ডত এক নতুন দিশ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Read More News
T & CPrivacy PolicyContact Us