This browser does not support the video element.
সোণাৰি: সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান
Sonari, Charaideo | Sep 8, 2025
বিশ্ব বৰেণ্য শিল্পী, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজিৰেপৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি জিলাই জিলাই অনুষ্ঠিত হৈছে সুধাকণ্ঠৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত হয় সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে'' গীতটি। সোণাৰি ছহিদ উদ্যানত আয়োজন কৰা এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক