This browser does not support the video element.
হেলেম: গহপুৰত আৰক্ষীৰ অভিযানত দহ কেজি গাঞ্জাৰ সহ এজনক আটক
Helem, Biswanath | Aug 24, 2025
গহপুৰৰ আৰক্ষীৰ সফলতা, দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায়ৰ লগত জড়িত গহপুৰৰ কনিবড়ী গাঁওৰ নিৱাসী অৰুণ বেহেৰা ঘৰৰে পৰাই চলাই গৈছিল অবৈধ গাঞ্জাৰ ব্যৱসায়। ওদালগুৰিৰ এজন যুৱকে দীৰ্ঘদিন ধৰি আহি গাঞ্জাৰ ব্যৱসায় চলাই গৈছিল গহপুৰত। আজি গোপন সূত্ৰৰ পম খেদি গহপুৰৰ আৰক্ষীয়ে অৰুণ বেহেৰা ঘৰতে থকা ছাগলী গৃহত গোপনে থোৱা অৱস্থাত প্ৰায় দহ কেজি গাঞ্জাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।লগতে আটক কৰে গাঞ্জাৰ ব্যৱসায় অৰুণ বেহেৰাক।