Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ ভোটপাৰা গাঁৱৰ এগৰাকী মহিলা বিগত ৫ দিন ধৰি নিৰুদ্দেশ,ঢেকীয়াজুলিত স্বামীৰ মন্তব্য

Dhekiajuli Part, Sonitpur | Sep 2, 2025
ঢেকীয়াজুলিৰ ভোটপাৰা গাঁৱৰ এগৰাকী মহিলা বিগত ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে ৷ স্বামীয়ে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল কৰাৰ লগতে মংগলবাৰে পুৱা ১০ বজাত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে ৷ উল্লেখ্য যে ভোটপাৰা গাৱঁৰ বাসিন্দা পদুম গোৱালাৰ পত্নী ২১ বছৰীয়া প্ৰতিমা গোৱালা যোৱা ২৯ আগষ্ট ২০২৫ তাৰিখে মাজবাট বেংকলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয় ৷ ইয়াৰ পিছতে স্বামীয়ে আত্মীয়স্বজনৰ লগতে বিভিন্ন ঠাইত বিছাৰখোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে কোনো সন্ধান নাপালে পত্নীৰ ৷
Read More News
T & CPrivacy PolicyContact Us