This browser does not support the video element.
বিশ্বনাথ: দ'গাঁও এৰাবাৰীত এটা পথাৰত পুৰুষৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত আৰম্ভ
Biswanath, Biswanath | Aug 31, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত দ'গাঁও এৰাবাৰীত জংঘলে আৱৰিধৰা এটা পথাৰত এগৰাকী পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনা কেন্দ্ৰ কৰি অঞ্চলটো চাঞ্চল্য বিৰাজ কৰিছে। স্থানীয় লোকে প্ৰত্যক্ষ কৰি বিশ্বনাথ আৰক্ষীক খবৰ কৰাত ততাতয়াকৈ আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা সময়ত বিশ্বনাথ জিলাৰ বাঘমাৰী খেৰবাৰীৰ হৰিন্দ্ৰ বৰ্মন বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।