আজিৰ দিনটো সোণাৰি নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হ’ব। আজিৰ সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকে। এই সভাত চৰাইদেউ জিলাৰ বিভিন্ন গণ্যমান্য ব্যক্তি, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, সংগঠনৰ বিষয়ববীয়া,সদৰ মছজিদ সমিতিকে আদি কৰি স্থানীয় সাংবাদিক আৰু বহু লোকৰ উপস্থিতিত সভাখনত অনুষ্ঠিত কৰা হয়।এই সভাতেই এখন সমিতি গ্ৰহন ক