This browser does not support the video element.
সোণাৰি: টাওকাকত চাঞ্চল্যকৰ ঘটনা, পথাৰত কৰ্মৰত অৱস্থাত থকা ব্যক্তিক সাপে কৰিলে দংশন, সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ লোকজনক
Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি টাওকাকত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধাননি পথাৰত কাম কৰি থকা অৱস্থাত এজন লোকক বিষাক্ত সাপে কৰিলে দংশন। লোকজন টাওকাক চাহ বাগিচা অঞ্চলৰ শনি কৰুৱা। ধাননি পথাৰত কাম কৰি থকা অৱস্থাত লোকজনক এটা বিষাক্ত সাপে দংশন কৰে। সাপডালৰ দংশনত লোকজন শংকিত হৈ পৰে। ইফালে সাপডালে লোকজনক দংশন কৰাত উক্ত স্থানতে থকাত স্থানীয় লোকে সাপডাল সেই স্থানৰ পৰা খেদাই আৰু দংশন কৰা লোকজনক লগে লগে চৰাইদেউ জিলা ৰজাপুখুৰী স্থিত জিলা অসামৰিক