This browser does not support the video element.
ওদালগুৰি: ওদালগুৰিৰ খাউৰাঙত ভয়ংকৰ দুৰ্ঘটনা:
তীব্ৰ বেগী বাইকে খুন্দিয়ালে তিনিজনকৈ মহিলাক
Udalguri, Udalguri | Sep 12, 2025
ওদালগুৰি জিলাৰ ওদালগুৰি থানা অন্তৰ্গত খাউৰাং মহেন্দ্ৰপুৰত ১২ চেপ্টেম্বৰ তাৰিখে দিনৰ ১২ মান বজাত গাৰোবস্তিৰ পৰা খাউৰাং অভিমুখী তীব্ৰ গতিত অহা হালধীয়া ৰঙৰ এ এচ ১৩ ই ৭৮৬৪ নম্বৰৰ বাইকে ৰাস্তাৰ কাষত থিয় হৈ থকা তিনিজনী মহিলাক খুন্দিয়ায়ে। যাৰ ফলত তিনিওজনী মহিলা গুৰুতৰ ভাবে আহত হয় যদিও এজনিৰ সোঁ হাতৰ আঙুলিৰ লগতে হাতৰ কিছু অংশ বাইকৰ চেইনৰ চেপাত পৰি টুকুৰা হৈ যায়। উক্ত তিনিওজনী মহিলা আহত হয় ।