This browser does not support the video element.
সোণাৰি: শিৱ মন্দিৰৰ নামত লটাৰী খেল পতা দুষ্কৃতিকাৰীক আৰক্ষীয়ে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ সোণাৰিত দাবী এজেৱাইচিপিৰ জিলা সম্পাদকৰ
Sonari, Charaideo | Aug 23, 2025
সোণাৰিৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত অনলাইন ঠগ প্ৰৱঞ্চকে শিৱ মন্দিৰ নিৰ্মাণ কৰাৰ নামত এক অনলাইন লটাৰী খেল পাতা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আজি কিছুদিন ধৰি এটা টিকট বিক্ৰী কৰা ভিডিঅ' সামাজিক মাধ্যমত সাংঘাটিক ধৰণেৰে প্ৰচাৰ চলোৱা হৈছে। সোণাৰিৰ শিৱ মন্দিৰৰ নামত দুষ্ট চক্ৰয়ে লটাৰী খেল পাতি ঘটিছে ধন। সামাজিক মাধ্যমত এই প্ৰচাৰ চলি থকা সময়তে সোণাৰি শিৱ মন্দিৰ সমিতিৰ হাতত পৰে এই ভাইৰেল ভিডিঅ' আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল সোণাৰি