This browser does not support the video element.
গোলাঘাট: ফৰকাটিং ৰে'ল জংচনত অঘটন, ৰে'লে কাটি মুণ্ডচ্ছেদ কৰিলে এজন লোকৰ
Golaghat, Golaghat | Sep 29, 2025
ফৰকাটিং ৰে'ল জংচনত সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত সংঘটিত হয় এক অঘটন। ৰে'লে কাটি মুণ্ডচ্ছেদ কৰিলে এজন লোকৰ। পত্নীসহ গিৰিশ শইকীয়া নামৰ লোকজন গুৱাহাটীলৈ যোৱাৰ বাবে উপস্থিত হৈছিল ফৰকাটিং ৰে'লৱে জংচনত। ঘটনা অনুসৰি লোকজন ৰে'লত উঠাৰ মুহূৰ্ততে সংঘটিত হয় দুৰ্ভাগ্যজনক ঘটনাটো। লোকজন উঠিবলৈ লওঁতেই ৰে'লখনে গতি কৰাত পুনৰ নামি দিবলৈ লয় লোকজনে। ইয়াৰ পিছতে হঠাত ৰে'লৰ তলত সোমাই পৰে লোকজন আৰু ৰেলে কাটি মুণ্ডচ্চেদ কৰে।