This browser does not support the video element.
শিৱসাগৰ: কুখ্যাত তেলচোৰ জেলিল আলীক আটক কৰাৰ পিছতেই হাহচৰাত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ
Sibsagar, Sivasagar | Aug 30, 2025
কুখ্যাত তেলচোৰ জেলিল আলীক আটক কৰাৰ পিছতেই হাহচৰাত শনিবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ।যোৱা ৯ আগষ্টত শিৱসাগৰৰ সিংহদুৱাৰত এক ডাম্পাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।আৰক্ষীয়ে বিস্ফোৰণ কাণ্ডৰ তদন্ত চলাওতেই চোৰাং খাৰুৱা তেলৰ এক বৃহৎ চক্ৰৰ বিষয়ে পোহৰলৈ আহিছিল।তেল চুৰিৰ লগত জড়িত জেলিল আলীক শনিবাৰে পুৱতি নিশা টিংৰাইৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে।এই সন্দৰ্ভত হাহচৰাৰ শনিবাৰে সন্ধিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।