এই পৃথিৱী এক ক্ৰীড়াঙ্গন,ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গন। আজি অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে অসমত তেওঁৰ জন্ম দিৱসটি 'অভিৰুচি ক্ৰীড়া দিৱস' হিচাপে পালন কৰা হয়।আজি চৰাইদেউ জিলাতো এই দিৱস পালন কৰা হয়। ঐতিহাসিক আটালপুখুৰীত জিলা সাঁতুৰ সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে,১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে আজিৰ এই দিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় ৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত