This browser does not support the video element.
সোণাৰি: সোণাৰিৰ আছুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ জিলা সমিতিৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন
Sonari, Charaideo | Sep 4, 2025
অসমৰপৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী। সোণাৰি ছহিদ উদ্যানত তথা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগনত ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই অনশন কাৰ্যসূচীত। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্য জুৰি আৰম্ভ হোৱা অনশন কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকল