This browser does not support the video element.
বোকাখাত: কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা,কঁহৰা নৈৰ ৰেলিঙত খুন্দা মাৰি ৩৭নং ৰাজপথত বাগৰিল বাহন, আহত ২
Bokakhat, Golaghat | Aug 30, 2025
কাজিৰঙাত শনিবাৰে নিশা প্ৰায় ১০ বজাত ভয়ংকৰ পথ দুৰ্ঘটনা। কঁহৰা নৈৰ ৰেলিঙত খুন্দা মাৰি ৩৭নং ৰাজপথত বাগৰিল বাহন। জানিব পৰা মতে দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় চালকসহ দুজন। নিয়ন্ত্ৰণ হেৰুৱাই কঁহৰা নৈৰ ৰেলিঙত খুন্দা মাৰি পথত বাগৰি পৰে চাৰিচকীয়া বিলাসী বাহন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।