শুক্ৰবাৰে দিনৰ অনুমানিক ১২ বাজি ৪৫ মিনিটত শোণিতপুৰ জিলাৰ অন্তৰ্গত খেলমাটিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ১০ গৰাকী লোক ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত খেলমাটিত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনত এখন ভাৰতীয় সেনাৰ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ফলত আঘাতপ্ৰাপ্ত হয় ১০ গৰাকী লোক ৷ লগে লগে আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অতিকৈ চিন্তনীয় বিষয় এয়াই যে শোণিতপুৰ জিলাত দৈনিক বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ঘটনা ৷