This browser does not support the video element.
নাওবৈচা: মহঘুলিত কুখ্যাত নকল সোণ মাফিয়া মফাজুল ইছলামক গ্ৰেপ্তাৰ কৰে লালুক আৰক্ষীয়ে
Naobaicha, Lakhimpur | Sep 14, 2025
লখিমপুৰত পুনৰ সক্ৰিয় হৈছে নকল সোণ বেপাৰী চক্ৰ। লখিমপুৰৰ ফুকনদলনীত বিহাৰৰ এজন লোকক নকল সোণৰ নাওঁ দি প্ৰৱঞ্চনা। নকল সোণৰ নাওঁ দি ২ লাখ টকা লুট কৰিলে চক্ৰটোৱে। বিহাৰ মদনপুৰ অটলবিঘাৰ লালমোহন ৰাম নামৰ ব্যক্তিজনক লুট কৰিলে চক্ৰটোৱে।লালুক আৰক্ষীৰ জালত পৰিল দেওবাৰে চক্ৰটোৰ কুখ্যাত নকল সোণ মাফিয়া মফাজুল ইছলাম। নাওবৈচাৰ মহঘুলিৰ ঘৰৰ পৰা লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মফাজুলক।কুখ্যাত নকল সোণ মাফিয়া মফাজুল ইছলামক বৰ্তমান লালুক আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।