This browser does not support the video element.
ওদালগুৰি: মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উপস্থিতি বালিগাওঁত শতাধিক লোকে বিপিএফত যোগদান
Udalguri, Udalguri | Jun 23, 2025
বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই বিশেষ তৎপৰতা আৰম্ভ কৰিছে । পিছ পৰি থকা নাই বিটিআৰৰ শাসনৰ গাদী তিনিবাৰকৈ দখল কৰিবলৈ সক্ষম হোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল । দলটোৰ নেতাকৰ্মী সকলে যুদ্ধকালিন তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰাভিযানত ব্যস্ত হৈ পৰিছে । বিজেপি দলে অকলে নিৰ্বাচনত অৱতীৰ্ন হৈ বিটিআৰ দখলৰ হুংকাৰ দিছে , আনহাতে শাসনাধিষ্ঠ ইউপিপিএল দলে এক শক্তিশালী স্থিতিত থাকিব বুলি ভবাৰ থল আছিল ৷