শুক্ৰবাৰে বিয়লি অনুমানিক ৫ বজাত ঢেকীয়াজুলিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক ৷ উল্লেখ্য যে আজি বিয়লি ঢেকীয়াজুলিত AS 01 FN 5611, AS 27 E 9333 নম্বৰৰ বলেৰু আৰু AS 12 AH 1737 নম্বৰৰ টাটা টিগৰ বাহন এখনৰ মাজত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাৰ খবৰ পাই বাহন ৩ খন উদ্ধাৰ কৰি থানালৈ আনি তদন্ত আৰম্ভ কৰিছে ঢেকীয়াজুলি যান-বাহন আৰক্ষীয়ে ৷