This browser does not support the video element.
গোলাঘাট: গোলাঘাট নগৰৰ ৰদালি পইণ্টত আছুৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী, অবৈধ বিদেশীৰ বিৰুদ্ধে সৰৱ
Golaghat, Golaghat | Sep 4, 2025
গোলাঘাট নগৰৰ ৰদালি পইণ্টত বৃহস্পতিবাৰে আছুৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ। অবৈধ বিদেশীৰ বিৰুদ্ধে সৰৱ। এই দৃশ্য দিনৰ ১০ বজাৰ। অসমৰপৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী। 'কা'ৰ আওতাৰপৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখি অসমক অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈও দাবী ছাত্ৰ সন্থাৰ।