This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি ৰাজহচক্ৰৰ ভঙামন্দিৰত শুভাৰম্ভ কৰা হ’ল ৩১ তম্ কৰম উৎসৱ
Dhekiajuli Part, Sonitpur | Sep 11, 2025
বৃহস্পতিবাৰে দিনৰ ১২ বজাত ভঙামন্দিৰত শুভাৰম্ভ কৰা হ’ল ৩১ তম্ কৰম উৎসৱ ৷ উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ভঙামন্দিৰ উপ- শাখাৰ যৌথ উদ্যোগত আৰু ভঙামন্দিৰৰ ৰাইজৰ সহযোগত আজি শুভাৰম্ভ কৰা হ’ল ৩১ তম কৰম উৎসৱ ৷ আজি পতকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰি উক্ত কৰম উৎসৱৰ শুভাৰম্ভণী কৰা হয় ৷ আজি এক উদুলিমুদুলি পৰিবেশ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ভঙামন্দিৰত ৷