This browser does not support the video element.
ওদালগুৰি: পাচঁনৈৰ চেঙলীমৰা মাথাউৰী লৈ ৰাইজৰ তীব্ৰ ক্ষোভ,ৰাইজৰ প্ৰতিবাদ
Udalguri, Udalguri | Aug 15, 2025
বানপানীৰ সময়ত দুৰ্বৃত্তই মাথাউৰী কাটি দিয়াৰ অভিযোগ.. ১৫০০ বিঘা কৃষি ভূমি মহুৰ্ততেই ধ্বংস। ওদালগুৰি জিলাৰ পানবাৰী VCDC ৰ চেঙেলীমৰা গাৱৰ কাষেদি বৈ যোৱা পাচনৈৰ পাৰত স্থানীয় ৰাইজে প্ৰায় এমাহ পূৰ্বে গড়াখহনীয়া বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ নিজ ঘাটিৰ ধন ব্যয়েৰে নিৰ্মাণ কৰিছিল মাথাউৰী। কিন্তু যোৱা কেই দিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত পাচনৈত আহিল বানপানী। ৰাইজে আমাৰ কেমেৰাৰ সন্মুখত কোৱা অনুসৰি সেই বানপানীৰ সময়তেই ওচৰত থকা কেইজন ব্যক্তিয়ে এই মথাউৰি খন কাটি দিয়ে ৷