This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: চিৰাজুলি চাহ বাগিছাৰ বৰলাইনত এগৰাকী লোকে চিপজৰী লৈ আত্মহত্যা কৰে
Dhekiajuli Part, Sonitpur | Sep 9, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিছাৰ বৰলাইনত মংগলবাৰে পূৱা অনুমানিক ৫ বজাত এগৰাকী লোকে চিপজৰী লৈ আত্মহত্যা কৰে ৷ উল্লেখ্য যে চিৰাজুলি চাহ বাগিছাৰ বৰলাইনৰ বাসিন্দা উমৰ গড় নামৰ অনুমানিক ৪৫ বছৰীয়া লোকজনে আজি চিপজৰী লৈ আত্মহত্যা কৰে ৷ লোকজনে কিয় আত্মহত্যাৰ পথ বাছি ললে উক্ত বিষয়টো এতিয়াও পোহৰলৈ অহানাই ৷ইতিমধ্যে ঢেকীয়াজুলি আৰক্ষীয়ে চিৰাজুলি চাহ বাগিছাৰ বৰলাইনৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰাম্ভ কৰিছে ৷