This browser does not support the video element.
নাজিৰা: নামতিৰ খনিকৰৰ গৰখীয়া পুখুৰীৰ সমীপত গৃহস্থই ৰাইজৰ সহযোগত এজনী গৰুসহ এটা চোৰক হাতে-লোটে ধৰি গতালে আৰক্ষীক
Nazira, Sivasagar | Sep 2, 2025
নামতিৰ খনিকৰৰ গৰখীয়া পুখুৰীৰ সমীপত মংগলবাৰে ৰাইজে এজনী গৰুসহ এটা চোৰ হাতেলোটে ধৰিলে গৃহস্থ আৰু ৰাইজে।বৃহত্তৰ খনিকৰ অঞ্চলত দীৰ্ঘদিন ধৰি গৰু চোৰৰ ঘটনা সংঘটিত হৈ আহিছিল।মংগলবাৰে নামতিৰ খনিকৰ গাঁৱৰ গৰখীয়া পুখুৰীৰ সমীপৰ ঐতিহাসিক ধোদৰ আলি পথেদি এজনী গৰুসহ এটা চোৰ গৈ থকা পথতে গৰুৰ গৃহস্থই ৰাইজৰ সহযোগত চোৰটোক কৰায়ত্ত কৰি নামতি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰ বাবা বৰুৱাক আটক কৰাৰ লগতে গৰুজনী জব্দ কৰে।গৰুজনীৰ গৃহস্থ খনিকৰ গাঁৱৰ সুশীল বৰুৱা।