This browser does not support the video element.
দেৰগাঁও: দেৰগাঁও শান্তিপুৰত চুৰিকাণ্ড, গৃহস্থ নথকাৰ সুযোগতে চোৰে চলাই চাফাই অভিযান, দেৰগাঁও থানাত গোচৰ
Dergaon, Golaghat | Sep 8, 2025
দেৰগাঁও শান্তিপুৰত চুৰিকাণ্ড। গৃহস্থ নথকাৰ সুযোগতে চোৰে চলাই চাফাই অভিযান। সোমবাৰে দিনৰ প্ৰায় ৯ বজাত দেৰগাঁও থানাত গোচৰ ভুক্তভোগীৰ। ঘটনা অনুসৰি চাকৰিৰ সূত্ৰে গৃহস্থ থাকে ৰহাত। নিশা দেৰগাঁও শান্তিপুৰস্থিত বাসগৃহত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ চুৰি কাণ্ডৰ ঘটনা। চোৰে বাসগৃহৰ চিলিং ভাঙি চলাই লুটপাত। ইতিমধ্যে দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বৰ্তমানলৈকে চুৰি হোৱা সামগ্ৰীৰ পৰিমাণ জানিব পৰা হোৱা নাই।