This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত চিৰাজুলি চাহ বাগিছাত কৰম উৎসৱ শুভাৰম্ভ
Dhekiajuli Part, Sonitpur | Sep 3, 2025
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত চিৰাজুলি চাহ বাগিছাত বুধবাৰে বিয়লি ৩ বজাত শুভাৰম্ভ কৰিছে কৰম উৎসৱ ৷ উল্লেখ্য যে কৰ্মতীন সকলে বিগত কেইবাদিনো কঠোৰ নিয়মনীতি পালনৰ অন্তত আজিৰে পৰা শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলি চাহ বাগিছাত শুভাৰম্ভ কৰিছে উক্ত কৰম উৎসৱ ৷ আজিৰ উক্ত কৰম উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ৷