This browser does not support the video element.
সৰুপথাৰ: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰজ্বলিত মম লৈ উৰিয়ামঘাটত হাজাৰ হাজাৰ ৰাইজৰ মৌন শোভাযাত্ৰা
Sarupathar, Golaghat | Sep 21, 2025
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দেওবাৰে সন্ধ্যা প্ৰায় ৭ বজাত প্ৰজ্বলিত মম লৈ উৰিয়ামঘাটত হাজাৰ হাজাৰ ৰাইজৰ মৌন শোভাযাত্ৰা। উৰিয়ামঘাটবাসীয়ে সংগীতৰ সম্ৰাট, অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে আজি বাহিৰ কৰে এক বিশাল মৌন শোভাযাত্ৰা। হাতত প্ৰজ্বলিত মম লৈ জুবিন গাৰ্গলৈ একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উৰিয়ামঘাটত একগোট হল হাজাৰ হাজাৰ ৰাইজ। সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি ভৱগানৰ ওচৰত প্ৰাৰ্থনা জনায়।