সমগ্ৰ ৰাজ্যতে মাৰাত্মক নিষিদ্ধ ড্ৰাগছে সকলোতে গা কৰি উঠিছে। এই ড্ৰাগছ সেৱন কৰাৰ ফলত বহু পৰিয়াল তথা আসক্ত লোক ধ্বংসৰ গৰাহত গতি কৰিছে। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এনে ড্ৰাগছ সেৱন কৰা অথবা সৰবৰাহকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আৰক্ষীয়ে সময়ে সময়ে বহু লোকক এই নিষিদ্ধ ড্ৰাগছ সেৱন তথা সৰবৰাহ কৰাত আটক কৰিছে আৰু বহু সৰবৰাহকাৰীক জেল হাজুতলৈও প্ৰেৰণ কৰিছে যদিও ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীৰ সংখ্যা ৰোধ পৰা নাই। আজি অসম জাতীয়তাবাদ