This browser does not support the video element.
ডিমৌ: ডিমৌত দুৰ্ঘটনাগ্ৰস্ত হৈ সাংবাদিক ইফটিকাৰ ৰহমানৰ কৰুণ মৃত্যু,শোকস্তৱদ্ধ সাংবাদিক
Dimow, Sivasagar | Sep 22, 2025
ডিমৌত দুৰ্ঘটনাগ্ৰস্ত হৈ সাংবাদিকৰ কৰুণ মৃত্যু ডিমৌত দুৰ্ঘটনাত মৃত্যু হৈছে সাংবাদিক ইফটিকাৰ(বিটু)ৰহমানৰ। ডিমৌৰ পৰা ইলেকট্ৰনিক মাধ্যমত কৰ্মৰত আছিল ইফটিকাৰ ৰহমান। কালি বিয়লি লৈকে ডিমৌত অনুষ্ঠিত জুবিন গাৰ্গৰ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিমৌ প্ৰেছ ক্লাবৰ পৰা স্কুটিৰে ডিমৌ দিহাজানস্থিত ঘৰলৈ উভতি গৈছিল। কিন্তু ঘৰ পোৱাৰ পূৰ্বে ডিমৌৰ শান্তিপুৰত নিশা ৰহস্যজনক ভাৱে দুৰ্ঘটনাত পতিত হয় ইফটিকাৰ ৰহমান। সোমবাৰে ডিমৌত শোকস্তৱদ্ধ সাংবাদিক সকল।